দীপাংকৰ দাস, গোৰেশ্বৰঃ ৰজাঘৰীয়াৰ সুৰক্ষাৰ দায়িত্ব লৈ নিজৰ জীৱন বিপদাপন্ন কৰা এজন দুৰ্ভগীয়া গৃহৰক্ষী জোৱান তেওঁ। নাম আৰিফ আলী। ৩৪ বছৰীয়া আৰিফ আলীৰ ঘৰ বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ঔগুৰি গাঁৱত।
গৃহৰক্ষী বাহিনীৰ জোৱানজনে এতিয়া এখন ভগা ভৰি লৈ ঘৰতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। উল্লেখ্য যে ২০১৬ চনৰ ২৭ জুলাইত দিনৰ প্ৰায় ২ বজাত মহানগৰীৰ জালুকবাৰী উপ-আৰক্ষী চকী যান বাহন শাখাৰপৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাৰ হৈ যাবলগীয়া কনভয়ৰ “ৰোড লাইনিং”ৰ দায়িত্বত জালুকবাৰীত নিয়োজিত কৰা হৈছিল আৰিফক। দায়িত্ব পালন কৰি থকাৰ সময়তে পিছফালৰপৰা অহা এএছ০১ডিভি০৪৭১ নম্বৰৰ এখন দুচকীয়া বাহনে বেয়াকৈ খুন্দিয়াই আহত কৰে কৰ্তব্যৰত আৰিফক।