দীপাংকৰ দাস, গোৰেশ্বৰঃ এক ভয়ংকৰ দিনৰ পিনে আগুৱাই গৈছে ভাৰতবৰ্ষ। কিয়নো আগন্তুক দিনত সমগ্ৰ ভাৰত বৰ্ষক শাসন কৰিব মাথো কেইজনমান পুঁজিপতিয়ে। এই মন্তব্য নিখিল ভাৰত কৃষক সভাৰ গ্ৰাম্য কামৰূপ জিলাৰ নেতা বাসুদেৱ কলিতাৰ।
বাগসা জিলাৰ গোৰেশ্বৰত আজি মে’দিৱসৰ সৈতে সংগতি ৰাখি নিখিল ভাৰত কৃষক সভা,চিটু, ডিৱাইএফআই, এচএফআই, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ কেন্দ্ৰীয়ভাবে দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱসৰ আলোচনা চক্ৰত নিজৰ আলোচনা আগবঢ়াই তেওঁ এনেদৰে কয়। তেওঁ আৰু কয় যে – আজি বেংকৰ কৰ্মচাৰীয়েও ৮ ঘন্টাতকৈ অধিক সময় শ্ৰম কৰিবলগীয়া হৈছে ভাৰতবৰ্ষত। চৰকাৰী কল কাৰখানাবোৰ কেৱল ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি চৰকাৰে শ্ৰমিকক ভাতে মৰাৰ ব্যৱস্থা কৰিছে। অংগনবাড়ী, আশা কৰ্মীৰ ক্ষেত্ৰত ভয়ানক শোষণ চলি আছে বৰ্তমানে। সেয়েহে এওঁলোকৰ জীৱন জীৱিকা দুৰ্বিষহ হৈ পৰিছে।