newsnextone.com | গোৰেশ্বৰঃ ৰাজ পথৰ পৰা এগৰাকী চিআৰপিএফৰ বিষয়াক চোকা অস্ত্ৰ দেখুৱাই ৫ লাখ টকা লুটি নিয়া ঘটনাৰ সৈতে জড়িত আৰু দুজনক দুৰ্বৃত্তক জালত পেলাবলৈ সক্ষম হ’ল অসম আৰক্ষী৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰঙিয়াৰ উদিয়ানাৰ খলিলৰ ৰহমানৰ পুত্ৰ আব্দুল খালেক ওৰফে চিলা (২২) আৰু তমিজ আলীৰ পুত্ৰ ৰবিউল হক ওৰফে বাবুল আলী (২৮)ক পিষ্টলসহ আটক কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে। জানিব পৰা মতে, আব্দুল খালেক ওৰফে চিলাক জালত পেলাবলৈ গোৰেশ্বৰ আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷ ইয়াৰ পূৰ্বে কেইবাটাও ঘটনা সংঘটিত কৰিছে চিলাই৷
১৮ মে’ৰ নিশা প্ৰায় ২ বজাত বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষীৰ আৰু সেনাৰ গোৰ্খা ৰেজিমেণ্টে ৰঙিয়াৰ উদিয়ানাত অভিান চলাই পিষ্টলসহ আটক কৰে আৰক্ষীয়ে। আব্দুল খালেক ওৰফে চিলা আৰু ৰবিউল হক ওৰফে বাবুল আলীয়ে তেওঁলোতে ডতাইতি কৰাটো সঁচা যদিও তেওঁলোকৰ সৈতে সেনাই পিষ্টল পোৱাটো মিছা বুলি কৈ সেনাই পিষ্টলটো দিয়া বুলি কয়৷