গোৰেশ্বৰঃ তিনিচুকীয়া জিলাৰ ধলাৰ নাৰকীয় ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰ বিভিন্ন দল-সংগঠনে ।
অবড়ো সুৰক্ষা সমিতি, অসমৰ সম্পাদক যোগেশ্বৰ কলিতাই কয় যে এই ঘটনা কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। কিন্তু আৰ এছ এছ বা বিজেপিৰ এজেন্টসকলে অসমক ত্ৰিপুৰা কৰা বা কাশ্মীৰ হ’বগৈ বুলি ভীতি প্ৰদৰ্শন কৰি অসমক অশান্ত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত অসমবিৰোধী মন্তব্য দিয়া সকলকৰপৰা সকলোকে অতি সাৱধানেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বা এন আৰ চি সম্পৰ্কত আগবাঢ়িবলৈ আহ্বান জনাইছে।