♦ ৩ বছৰে সম্পূৰ্ণ নহ'ল মাথো ৩ কিল’মিটাৰ পথ

♦ ৭ কিল’মিটাৰৰৰ ৪ কিল’মিটাৰ কৰিয়েই সামৰিলে কাম

দীপাংকৰ দাস, গোৰেশ্বৰঃ বাক্সা জিলাৰ গুৰুত্বপূৰ্ণ গোৰেশ্বৰ চহৰৰ দীৰ্ঘদিনীয়া বাট-পথৰ সমস্যা কিছু লাঘৱ হৈছে যদিও আজিলৈকে গোৰেশ্বৰ চহৰ সংযোগী কেইবাটাও গড়কপ্তানি পথৰ অৱস্থা শোচনীয় হৈয়ে ৰ'ল।

মুখ্যত বাইহাটা-চাৰিআলি-গোৰেশ্বৰ-বগামাটি পথটো বিগত সময়ছোৱাত নিৰ্মাণ কৰাত যাতায়াতৰ ক্ষেত্ৰত থকা অঞ্চলটোৰ পূৰ্বৰ বদনাম কিছু মচ খাইছে যদিও বহুকেইটা সংযোগী পথক এতিয়াও গডকপ্তানি বিভাগটোৱে অৱহেলিত কৰি ৰাখিছে।

বাক্সা জিলাৰ গোৰেশ্বৰৰপৰা দৰং জিলাৰ আন্ধেৰীঘাট সংযোগী মাত্ৰ ৭ কিল’মিটাৰ দৈৰ্ঘৰ "বয়াগলা পথ"টো বিগত ৩ বছৰে ধৰি জৰাজীৰ্ণ হৈয়ে থাকিল। বিজেপি মিত্ৰ জোঁট চৰকাৰ অহাৰ পাছত ৰাইজে ভাবিছিল যে সম্পূৰ্ণ পথটো যাতায়াতৰ সুগম হৈ উঠিব আৰু বাক্সা আৰু দৰং দুয়োখন জিলাৰে এটি সুন্দৰ পথ ৰাইজে উপহাৰ হিচাপে পাব।

অৱশ্যে চিন্তা কৰা ধৰণে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেতিয়াৰ বিধায়ক আৰু বৰ্তমানৰ মন্ত্ৰী ভৱেশ কলিতাই গুৰুত্ব আৰোপ কৰি পদক্ষেপ গ্ৰহণ কৰে আৰু বিগত বৰ্ষৰ জুন মাহত গোৰেশ্বৰৰপৰা প্ৰায় চাৰি কিল’মিটাৰ অৰ্থাৎ হাজলপাৰা গাঁৱলৈ মেৰামতি সম্পূৰ্ণ কৰি যাতায়াতৰ সুচল কৰি তোলে। 

সমান্তৰালকৈ বিটিচি ইএম মহেশ্বৰ বসুমতাৰীৰ তৰফৰপৰাও বিটিচিৰ অনুদানেৰে পথৰ বাকী থকা প্ৰায় তিনি কিল’মিটাৰ পথ মেৰামতি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হয়। কিন্তু আজি প্ৰায় দহ মাহ উকলি যোৱাৰ পাছতো হাজলপাৰাৰপৰা দৰং জিলাৰ আন্ধেৰীঘাটলৈ মাথো তিনি কিল’মিটাৰ পথ মেৰামতি নামত একো এটা কৰা নহ'ল।

উল্লেখ্য যে যদিও বিজেপিৰ সৈতে বিপিএফে মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে জড়িত হৈ আছে তথাপি গোৰেশ্বৰ অঞ্চলৰ কেইবাটাও পথৰ মেৰামতি তথা নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতা আৰু বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰীৰ মাজত কিছু প্ৰতিযোগিতাৰ মনোভাব পৰিলক্ষিত কৰে স্থানীয় ৰাইজে। 

সেয়েহে কেইবাটাও পথৰ ক্ষেত্ৰত ওপৰা ওপৰিকৈ এবাৰ ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী ভৱেশ কলিতাই আৰু এবাৰ বিটিচি চৰকাৰৰ হৈ মহেশ্বৰ বসুমতাৰীয়ে উদ্ধোধন কৰে। এনে এক অঘোষিত প্ৰতিযোগিতাৰ মাজতে কেবাটাও পথৰ কাম অসম্পূৰ্ণ হৈ থকা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় সচেতন ৰাইজে।

এতিয়া অতি গুৰুত্বপূৰ্ণ গোৰেশ্বৰ-আন্ধেৰীঘাট সংযোগী পথৰ ক্ষেত্ৰতো একে সমস্যা হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মাথো তিনি কিলোমিটাৰ পথ আজি তিনি বছৰে মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ  পৰিছে বয়াগলা পথটো। শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ব্যৱসায়ী সাধাৰণ ৰাইজে এতিয়া জৰাজীৰ্ণ খলাবমা পথৰে দুয়োখন ঠাইলৈ আহ-যাহ কৰিব লগা হৈছে। 

শীঘ্ৰে উক্ত পথছোৱাৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰিবলৈ গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশী আৰু সম্পাদক নৱজ্যোতি বৰুৱাৰ লগতে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।