newsnextone.com | গোৰেশ্বৰঃ অসম সাহিত্য সভাৰ আহ্বানত গোৰেশ্বৰ সাহিত্য সভাৰ উদ্যোগত বুধবাৰে এখন ৰাইজ মেল অনুষ্ঠিত হয়৷ গোৰেশ্বৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যনাথ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজমেলত অঞ্চলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷ 

চিপিআইএমৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ নেতা শংকৰ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি ৬ বছৰীয়া আন্দোলনৰ অন্তত ১৯৭১ চনৰ ২৪ মাৰ্চত অসম চুক্তিৰ আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হওক বুলি কয়। চৌধুৰীয়ে আৰু কয় যে অসমৰ সকলো চৰকাৰী-বেচৰকাৰী চাকৰিৰ সাক্ষাৎকাৰত এশ নম্বৰ প্ৰশ্ন উত্তৰ বাধ্যতামূলক হোৱাৰ লগতে ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ ৰাজ্য ভাষাৰ দাবী উত্থাপন কৰি মাতৃভাষা আৰু ৰাজ্যভাষাৰ জ্ঞান নথকা কোনো পক্ষকেই চাকৰি দিব নালাগে বুলি কয়৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তথা শুদ্ধ নাগৰিকপঞ্জী প্ৰণয়নত সহযোগিতা বিচাৰি আয়োজিত ৰাইজ মেলত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোৰেশ্বৰ সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ ডেকাই। 

গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰা ৰাইজ মেলত অসম সাহিত্য সভাৰ প্ৰস্তাৱত সমৰ্থন আগবঢ়াই। প্ৰস্তাৱ সমূহৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে প্ৰত্যাহাৰ কৰি অসম চুক্তি অনুসৰি অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰা। 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়ন আৰু প্ৰকাশত সহযোগিতা কৰি সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰাকৈ সহযোগিতা বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰে অসম সাহিত্য সভাই। ইয়াৰ লগতে ৰাজ্যভাষা আৰু মাতৃভাষাৰ জ্ঞান নথকা কোনো পক্ষকেই কেতিয়াও চাকৰি কৰিবলৈ দিয়াৰ পক্ষপাতী নহয় অসম সাহিত্য সভা। কাৰ্বি আংলঙৰ ডকমকাত অমানৱীয় ঘটনাক গৰিহনাণা দি সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি বন্ধৰ বাবে সজাগতা সৃষ্টি কৰি প্ৰস্তাৱ গ্ৰহণ কৰে অসম সাহিত্য সভাই।