গোৰেশ্বৰঃ আজি গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰৰ সভাগৃহত অনুষ্ঠিত হয় এখন সজাগতা সভা৷ গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়াৰ আহ্বানত মঙলবাৰে অনুষ্ঠিত সজাগতা সভা সঞ্চালনা কৰে বিটিআৰৰ ভূমি পৰামৰ্শদাতা কমিটীৰ অধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে। সভাত উপস্থিত থাকে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী, পাৰিষদ পৱিত্ৰ কুমাৰ বড়োৰ উপৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট ব্যক্তি তথা জ্যেষ্ঠ নাগৰিক।
সজাগতা সভাত ভিজিআৰ আৰু পিজিআৰ চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰা থকা খিলঞ্জীয়া লোকক ম্যাদী পট্টা প্ৰদান কৰাকে ধৰি বিভিন্ন ভূমি সংক্ৰান্তীয় আলোচনা কৰাৰ লগতে উপস্থিত ৰাইজৰ মন্তব্য গ্ৰহণ কৰে। এই সভাৰ জৰিয়তে কেনেদৰে “মিছন বৈচুমুথি ২.০”ৰ অন্তৰ্ভুক্ত হ’ব পাৰি সেই সম্পৰ্কে সজাগতামূলক ভাষণ দিয়ে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে।