55
গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত গোৰেশ্বৰ অঞ্চলক ৰাজ্যৰ প্ৰতিখন চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ তথা ৰঙিয়া বিধান সভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিৰ গোৰেশ্বৰীয়া ৰাইজ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত৷ এক ৰক্তাক্ত ইতিহাসৰ মাজেৰে পাৰ হৈ অহা গোৰেশ্বৰীয়া ৰাইজে কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত সদায় অৱদান আগবঢ়াই আহিছে৷