47
গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ উদ্যোগত তক্ষশীলা অসমৰ গোৰেশ্বৰ শাখাৰ সহযোগত বাগসা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত হ’ব সদৌ ভাৰত বহুভাষীয় নাটক, লোক- শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা আৰু সন্মান প্ৰদান মহোৎসৱ “সমন্বয় ২০১৯”।
অহা ৫ , ৬ , ৭ আৰু ৮ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰেশ্বৰ মহাবিদ্যালয়ত আয়োজন হ’বলগীয়া অনুষ্ঠানটোৰ উদ্যোক্তাসকলে বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে কাৰ্যসূচীসমূহ ঘোষণা কৰে।