newsnextone.com | বিহালীঃ শনিবাৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সন্থাৰ সভাপতি গোপাল তামাং মুক্তানে। বিহালীত অনুষ্ঠিত কৰা এখন সংবাদ মেল যোগে গোপাল তামাং মুক্তানে বৈধ নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি লাখ লাখ গোৰ্খা লোক এনআৰচিৰ বাদ পৰা বুলি কয়। থলুৱা গোৰ্খা লোক বাদ পৰা বুলি গোৰ্খা নেতাগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।
এনআৰচিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা গোৰ্খাসকলে ১৯৭১ চনৰ আগৰে নথি জমা দিয়া বুলি দাবী কৰে। এনআৰচিত নাম লাখ লাখ গোৰ্খাৰ নাম নোহোৱাত ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।