গৰৈমাৰীঃ কেতিয়াবা ছাৰপ্ৰাইজ ভিজিট, কেতিয়াবা শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰা ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আন আন বিভাগতকৈ নিজৰ বিভাগকেইটাত ব্যতিক্ৰমী কামেৰে প্ৰশংসা বুটলি আহিছে। শিক্ষা আৰু স্বাস্থ্য বিভাগত পৰিৱৰ্তনৰ কথাও দোহাৰা মন্ত্ৰীগৰাকীৰ সমলোচকো বহুত।
দীৰ্ঘদিন ধৰি মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ মন্ত্ৰী হৈ আছে। প্ৰকৃততে মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ পৰিৱৰ্তন কৰিব পাৰিছিনে। এই কথাৰ উত্তৰ ৰাইজেহে দিব পাৰিব।