গুৱাহাটীঃ ৰঙালী বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ জাতিটোৰ প্ৰাণৰো প্ৰাণৰ বহাগ বিহুক লৈ এতিয়া ৰাজ্যজুৰি উছাহৰ ঢল বৈছে৷ উজনি-নামনিত ৰাইজে শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই আহি নৈৰ পাৰত সমবেত হয়৷ ‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ নৈৰ পাৰত পৰম্পৰা অনুযায়ী আপ্তবাক্যশাৰী আওৰাই পুৱাই অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে পৰম্পৰাগতভাবে গো-সম্পদত সন্মান জনাই অসমীয়াই৷
‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ শনিবাৰে অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে অসমীয়াই পুৱাৰে পৰা গৰু বিহু পালন কৰিছে৷ পৰম্পৰাগতভাবে গো-সম্পদক সন্মান জনালে অসমীয়াই৷ পুৱাতে গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি মাখিয়তী–দীঘলতিৰে কোবাই নৈত গা-ধুৱালে চহা খেতিয়কে৷