গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ অন্তৰ্গত ডামৰাপাৰাত ধৰ্ষণ কাৰ্য সংঘটিত কৰা এজন লম্পট যুৱকক মঙলবাৰে উত্তম মধ্যম দি শিমুলটাপু আৰক্ষীক গতাই দিয়ে।
জানিব পৰা মতে লম্পট নাৰায়ণ দে (৩৬) নামৰ যুৱকজনে নিজ গৃহত বন কৰা এগৰাকী ১২ বছৰীয়া ছোৱালীক আজিৰপৰা সাত বছৰৰ পূৰ্বে বলপূৰ্বক ধৰ্ষণ কৰিছিল৷ সেই কথা প্ৰকাশ কৰিলে প্ৰাণ নাষৰ ভাবুকি প্ৰদান কৰাত ছোৱালীজনীয়ে৷ ইমান দিনে মা দেউতাক ওচৰত প্ৰকাশ কৰা এই বিষয়ত কোনোধৰণৰ কথা প্ৰকাশ কৰা নাছিল।