অভয়াপুৰীঃ ঈদৰ পিছদিনাখনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস আৰু অৱশিষ্ট উদ্ধাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি এতিয়া ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজি বঙাইগাওঁ জিলাৰ অভয়াপুৰী বাটাবাৰীস্থ ভূতনাথ শ্মশানৰ সমীপৰ পকী দলঙৰ তলত গো মাংসৰ অৱশিষ্ট টুকুৰা উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি  হয়৷

CLICK ►Blue Whale গেম LIVE

প্ৰাপ্ত তথ্য মতে আজি অভয়াপুৰী বাটাবাৰীৰ এখন পকী দলংৰ তলত গো-মাংস চিমেন্টৰ মোনাত ভৰাই থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি অভয়াপুৰী আৰক্ষীক খবৰ দিয়ে।

CLICK ►Blue Whale গেম LIVE

গো মাংসৰ উদ্ধাৰক লৈ অঞ্চল টোত তীব্ৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তদন্ত কৰি এই দু্স্কাৰ্য্যৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।