newsnextone.com | কোকৰাঝাৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত সোমবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত চৌতাৰাত ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ সময়ত লংকাকাণ্ড সংঘটিত হয়। আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সহযোগত পুৱা প্ৰায় ৬ বজাৰ পৰা চৌতাৰা ৰেল ষ্টেচনৰ ৰেলপথত কোচ ৰাজবংশী সম্প্ৰদায়ৰ কেবা শতাধিক পিকেটিংকাৰীয়ে হাতে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ ৰে’লপথত বহি পৰাত ৰে’ল যাতায়ত স্তব্ধ হৈ পৰে।
নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ ৰাজবংশী জনগোষ্ঠীৰ শ শ পিকেটিংকাৰীয়ে ৰে’লপথত অৱস্থান গ্ৰহণ কৰি বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ গ’ বেক, অসম চৰকাৰ হায় হায়, কোচ ৰাজবংশী জনগোষ্ঠীক লৈ ৰাজনীতি বন্ধ কৰক, আমাৰ দাবী পূৰণ কৰিবই লাগিব, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, কেন্দ্ৰীয় চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে চৌতাৰাৰ আকাশ বতাহ কঁপাই তোলে। শ শ অৱৰোধকাৰী ৰে’ল পথত অৱস্থান গ্ৰহণ কৰাত পুৱাৰ ভাগত চলাচল কৰা কেFবাখনো উজনি-নামনিj যাত্ৰীবাহী ৰে’লৰ যাতায়ত বন্ধ হৈ পৰে।