ডিজিটেল ৰিপ'ৰ্টঃ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত পহৰা দিয়ে৷ পহৰা দিয়াতেই ক্ষান্ত নাথাকি গো ৰক্ষাৰ নামত মানুহক হত্যা পৰ্য্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল লোকে৷ অসমতো দেখিবলৈ পোৱা গৈছে এনে দুস্কৃতি।
অসমৰ যুৱকে গো ৰক্ষাৰ দৰে তৎপৰতা যদি ৰাজ্যখনৰ এশিঙীয়া গঁড়ৰ লগতে বন্যহস্তী ৰক্ষাৰ বাবে ওলাই আহিলহেতেন তেন্তে হাতী আৰু বিখ্যাত এশিঙীয়া গঁড় কেইটাৰ অপমৃত্যু নহ’লহেতেন৷ প্ৰতিদিনে গঁড় হত্যা, হাতী হত্যাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে শোণিতপুৰত বানত উটি অহা দুটি হাতী পোৱালিক উদ্ধাৰৰ বাবে মানুহ ওলাই নহাত এইদৰে উদ্বেগ প্ৰকাশ কৰিছে কেবাজনো প্ৰকৃতিপ্ৰেমীয়ে।
ৰাজপথত গো ৰক্ষাৰ বাবে যেনেদৰে দলে-বলে যুৱকসকল ওলাই আহে তেনেদৰে হাতী পোৱালি উদ্ধাৰৰ বাবে মাথো কেইজনমান যুৱককহে আগ্ৰহী হোৱা দেখা যায়৷
উল্লেখ্য যে, জৰাসৰ নৈৰ বাঢ়নী পানীয়ে ঢেকেৰিগাঁও, উদমাৰিগাঁও, বামগাঁও, দীঘলী অাদি কেইবাখনো গাঁৱত বুৰাই পেলোৱাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। খাদ্য, বাসস্থানৰ অভাৱত ককবকাবলগীয়া হৈছে ৰাইজ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্য্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে যাতায়াত। ইয়াৰ মাজতে শোণিতপুৰত বানত আজি দুটাকৈ হাতী পোৱালি উটি আহে৷ নামেৰীৰ সমীপৱৰ্তী গাঁৱৰ লোকসকলে পুৱা প্ৰায় ৫ বজাত জিয়াভৰলী নৈৰ প্ৰৱল সোঁতত কণমানি হাতী পোৱালি উটি অহা প্ৰত্যক্ষ কৰে ৷
প্ৰায় সাত মাহ বয়সৰ হাতী পোৱালিটো স্থানীয় কেইজনমান যুৱকে উদ্ধাৰ কৰে। চাৰিদুৱাৰ বনাঞ্চলিকক খবৰ দিয়াৰ বনবিভাগ লোক উপস্থিত হৈ বন বিভাগে লৈ যায় হাতী পোৱালিটো। বানত উটি অহা হাতী পোৱালিটো নামেৰিত ৰখা হৈছে যদিও হাতী পোৱালিটোক লৈ স্থানীয় ৰাইজ আৰু বন বিভাগ বিপাঙত পৰিছে।
আনহাতে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লালবৰাহীৰ কয়লা চেন্টাৰত আন এটি প্ৰায় এমহীয়া হাতী পোৱালী জাকৰ পৰা বিচ্ছিন্ন হৈ ঘুৰি ফুৰোতে কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱক উদ্ধাৰ কৰে।
একেদৰে বাগছা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং ডোঙাৰ গাঁৱতো এটি হাতী পোৱালি উদ্ধাৰ হয়। প্ৰায় ডেৰ মাহ বয়সৰ এই পোৱালিটো পুঠিমাৰী নৈৰ প্ৰৱল সোঁতত উঁটি অহা অৱস্থাত পুৱা ৬ মান বজাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। বন বিভাগক খবৰ দিয়াৰ পিছতো বহু সময় ধৰি কোনো লোক উপস্থিত নোহোৱাত হাতী পোৱালিটোক লৈ বিপাঙত পৰে স্থানীয় ৰাইজ।
তেজপুৰৰ প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটককীয়ে হাতী পোৱালি কেইটাক অতি শীঘ্ৰে সুস্থ কৰি তুলিবলৈ বিভাগক আহ্বান জনায়। হাতী পোৱালি কেইটাৰ কিবা হ'লে তাৰ বাবে বন বিভাগ জগৰীয়া হ'ব বুলিও কয় বৰকটককীয়ে।
গো ৰক্ষাৰ বাবে যিদৰে সকলোৱে অপ্ৰয়োজনতো দলে-বলে ওলাই আহে তেনেদৰে সকলোকে গঁড়-হাতী ৰক্ষাৰ বাবে ওলাই আহিবলৈকো আহ্বান জনায় ৰাজ্যৰ প্ৰকৃতি প্ৰেমীসকলে।
• Additional Inputs from NNO Balipara and NNO Naokata •