তেজপুৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে এতিহ্যমণ্ডিত শোণিতপুৰ জিলাত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী৷ ৰাজ্যত শেহতীয়া উগ্ৰপন্থীৰ কাৰ্যকলাপৰ পিছতে ৰাজ্যৰ খনৰ সেনাৰ মুখ্যস্থল শোণিতপুৰ তথা তেজপুৰ চহৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখীয়ে৷
ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ সুযোগ লৈ উগ্ৰপন্থীয়ে যাতে কোনো কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীক সজাগ কৰাৰ বাবে তেজপুৰত সেনাৰ মুব্বীৰ সৈতে বিশেষ আলোচনাত মিলিত হ’বৰ বাবে যোৱা বুলিও প্ৰচাৰ হয়৷