প্ৰতিকী ফটো
প্ৰতিকী ফটো

newsnextone.com | নামতিঃ ৰাজ্যৰ ৰাজ্যপালৰ বিৰুদ্ধে আহোমৰ ঐতিহ্যমণ্ডিত মৈদামৰ মৰ্যদা লাঘৱ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে৷ ৰাজ্যপাল জগদীশ মুখীয়ে মৈদামৰ ভিতৰলৈ গাড়ী সোমোৱায় নি পূৰাতত্ব বিভাগৰ নীতিক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ এই কথা ৰাজ্যপাল আৰু জিলা প্ৰশাসনে ভালকৈ জানে বুলি কৈ তাত এখন ফলক লগাই থোৱা আছে বুলিও অভিযোগ উত্থাপন কৰে আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই৷ 

এই কাৰ্যই সমগ্ৰ অসমীয়া জাতিটোৰ স্বাভিমানত আঘাত হনাৰ লগতে আত্মমৰ্যদা লাঘৱ কৰিছে বুলি অনুভৱ হৈছে বুলি কয় সংগঠনটোৱে৷ অসমীয়া জাতিক বিশ্বৰ দৰবাৰত অপমানিত কৰিব বিচৰা হৈছে৷ ৰাজ্যপালৰ এয়া অক্ষমনীয় অপৰাধ৷ ৰাজ্যপালে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত আৰু জিলা প্ৰশাসনে যিহেতু নেতৃত্ব দি ৰাজ্যপালক তালৈ লৈ গৈছে তাৰ বাবে জিলা প্ৰশাসনকো ক্ষমা বিচৰাৰ দাবী জনায় আটাছুয়ে৷ 

ৰাজ্যপালৰ কনভয় মৈদামত সোমোৱাই নিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় চৰাইদেউত৷ উল্লেখ্য যে, ৰাজ্যপাল জগদীশ মুখীয়ে বৃহস্পতিবাৰে ঐতিহাসিক শিৱদৌলকে ধৰি বিভিন্ন স্থান পৰিদৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিৱসাগৰ-চৰাইদেউ জিলালৈ অহা ৰাজ্যপালগৰাকীয়ে চৰাইদেউ জিলাৰ মৈদামত গাড়ীৰ কনভয় সোমাই নিয়া বুলি অভিযোগ উত্থাপন কৰি ক্ষমা খোজাৰ দাবী জনায় আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই৷