কোকৰাঝাৰঃ কোকৰাঝাৰত আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত উপস্থিত হৈছে । কোকৰাঝাৰত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত উপস্থিত হৈয়ে আবৰ্তভৱনত সকলো বিভাগৰ মূৰব্বী বিষয়াৰ সতে আলোচনাত অংশগ্ৰহণ কৰি বিভাগীয় সচ্ছতা আৰু নিয়মানুবৰ্তীতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ সমস্যাসমুহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

ইয়াৰোপৰি ৰাজ্যপালগৰাকীয়ে আৰক্ষী আৰু জিলা প্ৰশাসনৰ লগতো বৈঠকত মিলিত হয় । কোকৰাঝাৰত পৰ্দাপণ কৰাৰ পিছতে ৰাজ্যপালগৰাকীক বিটিচিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকন , জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, বিটিএডিৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বৈষ্ণয়ে উষ্ম আদৰণি জনায় ।

ৰাজ্যপালগৰাকীক বিপিএফ, এবছু, বিজেপি আদিকে ধৰি কেবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰে । উল্লেখ্য যে কাইলৈ অৰ্থাৎ ৮ ফেব্ৰুৱাৰীৰ দিনাখন স্বচ্ছ ভাৰত অভিযানত ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও সীমা চেতনা মঞ্চৰ এখন সভাতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।