কোকৰাঝাৰঃ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে আজি পুৱা ১১ বজাত কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে । জিলা প্ৰশাসনৰ উদ্যোগত আৰু কোকৰাঝাৰ পৌৰ নিগম, নগৰ উন্নয়ন বিভাগৰ সহযোগত আৱৰ্ত ভৱনৰ সন্মুখৰ গড়কাপ্তানি পথত অনুষ্ঠিত হোৱা স্বচ্ছ ভাৰত অভিযানত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে অংশগ্ৰহণ কৰি গড়কাপ্তানি পথত ঝাৰু দি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
ৰাজ্যপালগৰাকীয়ে সকলোকে স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। স্বচ্ছ ভাৰত অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে সীমা চিন্তন মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অনুষ্ঠিত হোৱা অখিল ভাৰতীয় সীমা চিন্তন বৈঠকৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।