newsnextone.com | কোকৰাঝাৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈছে ৰাজ্যপাল জগদীশ মুখী। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে পুৱা কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছতে ৰাজ্যপাল জগদীশ মুখী পোনে পোনে কোকৰাঝাৰ আবৰ্ত ভৱনত উপস্থিত হয় আৰু আৰু আবৰ্ত ভৱনত নিৰাপত্তাৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গৰে বৈঠকত মিলিত হয় ৰাজ্যপাল মুখী। 

ইয়াৰ পিছতে বিটিচিৰ মুখ্য সচিবৰ উপস্থিতিত বিটিচিৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যপাল মুখীয়ে বিষয়াবৰ্গক চৰকাৰী আঁচনিসমূহ যথাযতভাৱে ৰূপায়নৰ নিৰ্দেশ দিয়ে। আবৰ্ত ভৱনত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে ৰাজ্যপালে কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়, আৰএনবি চিকিৎসালয় আৰু কোকৰাঝাৰ সদৰ থানা পৰিভ্ৰমণ কৰি সচ্ছতাৰো বুজ লয়। 

ইয়াৰোপৰি কোকৰাঝাৰ চহৰৰ পৰা মাথোঁ ১০ কিলোমিটাৰ দূৰত্বৰ উত্তৰ পশ্চিম প্ৰান্তৰ দক্ষিণ ঘোষকাটা গাঁৱত ৰাজ্যপাল জগদীশ মুখী সোঁশৰীৰে উপস্থিত হৈ গাঁওবাসীৰ সৈতে মত বিনিময় কৰে৷ গাঁওখনত উপস্থিত হৈয়েই ৰাজ্যপাল মুখীয়ে ৩১ জুলাইৰ ভিতৰত বিদ্যুৎ সংযোগ দি পৰৱৰ্তী সময়ত ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতি ঘৰে ঘৰে বিদ্যুৎ সংযোগ দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে। 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন গাঁৱত বিদ্যুৎ সংযোগৰ বাবে এক পৰিকল্পনা গ্ৰহণ কৰিছে আৰু আজিৰ তথ্য-প্ৰযুক্তিৰ উন্নয়ণৰ যুগতো যদি গাঁৱত বিদ্যুতেই নেথাকে সেয়া অতি দুখৰ বিষয় বুলি মন্তব্য কৰি ৩১ জুলাইৰ ভিতৰতে বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালে নিৰ্দেশ প্ৰদান কৰে৷

আনপিনে ৰাজ্যখনত অব্যাহত থকা এপিএছচি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰা ১৯ গৰাকীকৈ এচিএছ বিষয়াসকলৰ বিষয়ে সাংবাদিকে জানিব বিচৰাত ৰাজ্যপাল গৰাকীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্বে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে৷ চৰকাৰে অপ্ৰয়োজনীয়ভাবে কোনো বিষয়া-কৰ্মচাৰীক হাৰাশাস্তি নকৰে কিন্তু দুৰ্নীতি কৰা বুলি উপযুক্ত প্ৰমাণ থকা বিষয়া-কৰ্মচাৰীক ৰেহাই দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যপাল মুখীয়ে৷ 

উল্লেখ্য যে, কোকৰাঝাৰ ৰেলৱে ষ্টেচনত জিলা প্ৰশাসনৰ মূৰব্বী তথা উপায়ুক্ত নিৰঞ্জন বৰুৱা, বিটিচি প্ৰশাসনৰ হৈ মুখ্য সচিৱ বীৰেন চন্দ্ৰ ফুকন, জিলা আৰক্ষী বিষয়া ৰাজেন সিঙৰ লগতে কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকলে ৰাজ্যপালক ফুলাম আৰ'ণাই, গামোচা, ফুলৰ থোপা আদিৰে উষ্ম আদৰণি জনায়৷ সন্ধিয়া ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ উপৰিও সন্ধিয়া ৭.৩০ বজাত আৱৰ্ত ভৱনত এক সংবাদমেলত অংশগ্ৰহণ কৰি সংবাদমেলত নিজ ভ্ৰমণৰ কথা সদৰি কৰি ৰাজ্যপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ কথাও সদৰি কৰে। তদুপৰি কোকৰাঝাৰ আৰএনবি চিকিৎসালয় পৰিদৰ্শন কৰি ৰাজ্যপালে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনৰ উচ্চ প্ৰশংসা কৰে।