লালুকঃ নীপকোৱে মোকলাই দিয়া পানীয়ে বিগত সপ্তাহত লখিমপুৰৰ বিভিন্ন অঞ্চলত চলোৱা তাণ্ডৰ পৰা আজিও পৰিত্ৰাণ পোৱা নাই জিলাখনৰ একাংশ ৰাইজে৷ ১০ জুলাইত নীপকোৰ বাঢ়নী পানীয়ে ৰঙা নৈ বগলীজানৰ মথাউৰি ছিঙি ১০খনৰো অধিক গাওঁ প্লাবিত কৰাৰ পাছত আজি অঞ্চলসমূহত পানী ক্ৰমাৎ হ্ৰাস পোৱাত একাংশ ৰাইজ নিজ গৃহলৈ ৰাওনা হোৱাৰ বিপৰীতে একাংশ ৰাইজ আজিও নিজে আশ্ৰয় গ্ৰহণ কৰা স্থানতে আছে৷
ওখ ঠাই আৰু পথৰ দাতিত আশ্ৰয় লৈ থকা এই সকল বন্যাৰ্তই কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা নাপালে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ একাংশ বানত ক্ষতিগ্ৰস্ত অঞ্ছল পৰিদৰ্শন কৰি যোৱাৰ পাছতে আজি অসমৰ ৰাজ্যপাল বানৱাৰী লাল পুৰোহিত লখিমপুৰত উপস্থিত হয়হি৷