ডিব্ৰুগড়ঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰে ১০০ কোটি টকা আগবঢ়াইছে। আজি ডিব্ৰুগড় আবৰ্তভৱনত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব সমীৰ সিনহাই। লগতে অচিৰেই ঔষধৰ নাটনি দূৰ কৰিবলৈ ব্যৱস্থা ল’ব বুলিও সদৰী কৰে সচিবগৰাকীয়ে।
ইয়াৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনত সঘনাই বিকল হোৱা যন্ত্ৰ-পাতিসমূহ সঠিকভাৱে কাৰ্য্যক্ষম কৰি তুলিবলৈও নিৰ্দেশ দিয়া বুলি জনাইছে সংবাদমেলত। লক্ষ্যনীয় যে, কোটি কোটি টকা খৰচেৰে মাত্ৰ তিনি চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ ভৱনেৰে বৰ্তমান বৰষুণৰ পানী পৰা, ছাদ খহি পৰা ঘটনা সংঘটিত হৈ আহিছে।