61
নগাঁওঃ নগাঁও জিলা পৰিষদত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ কাম শেষ হ’লেও চকী এৰিব নিবিচাৰে কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে। দায়িত্বৰ কেতিয়াবাই অন্ত পৰিছে যদিও এতিয়াও চকীখনতে বহি থাকে এইগৰাকী আজৱ কৰ্মচাৰীয়ে।
বিগত বৰ্ষৰ নৱেম্বৰ মাহতে কাৰ্যকালৰ অন্ত পৰাৰ পিছতো এতিয়াও কাৰ্যালয়ৰ চকী এৰিবলৈ মন নকৰা নগাঁও জিলা পৰিষদৰ এইজন ক্ষমতালোভী কৰ্মচাৰী হৈছে আজিজুৰ ৰহমান। কাৰ্যালয়টোত উচ্চবৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল ৰহমান।