56
গোৱালপাৰাঃ কচাইখানাত পৰিণত হৈছে গোৱালপাৰাৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰ৷ বিচৰা ধন নিদিয়াৰ বাবেই ৰোগীক দুৰ্ব্যৱহাৰ কৰিলে চিকিৎসকে৷ ফলত চিকিৎসা অবিহনে উভতিব লগা হয় ৰোগী৷
ঘটনাৰ বিৱৰণী মতে, আজি পুৱা জিলাখনৰ লক্ষীপুৰৰ শিমুলবাৰীৰ পৰা নীলিমা বেগম নামৰ দুই সন্তানৰ এগৰাকী মাতৃ তৃতীয়বাৰ গৰ্ভৱতী হোৱাত গৰ্ভপাত কৰাবলৈ উপস্থিত হয় চহৰৰ প্ৰসূতি আৰু শিশু চিকিৎসা কেন্দ্ৰত৷