গোৱালপাৰাঃ এফালে বৰ্ষপূৰ্তি পালনেৰে কেন্দ্ৰ আৰু পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰৰ সফলতাৰ জয়গান আনফালে সমস্যাৰে জৰ্জৰিত ৰাইজৰ মৰণপণ যুঁজ। পুনঃসংস্থাপনতো দুৰৰে কথা মুকলি আকাশৰ তলত অনাহাৰে দিন পাৰ কৰিছে গৰাখহনীয়াগ্ৰস্ত লোকে। গোৱালপাৰাৰ গৰাখহনীয়া গ্ৰস্ত লোকৰ বিননি শুনিব কোনে ?
চৰকাৰৰ জয়গানৰ বিপৰীতে ৰাইজৰ হাহাকাৰ। নদীৰ পাৰত মুকলি আকাশৰ তলত দিন পাৰ কৰিছে গৰাখহনীয়াগ্ৰস্তই। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিভীষিকাৰ সৃষ্টি কৰিছে জিলাখনত। এইসকল লোকৰ মাজত হাহাকাৰ ধ্বনি উঠিছে ৷