ডিজিটেল ডেক্সঃ যদি ভুৱা বাতৰি পৰিৱেশন কৰাৰ কথা চৰকাৰে অৱগত হয় তেন্তে সাংবাদিকৰ স্বীকৃতি বাতিল কৰিব চৰাকৰে৷ এই কথা সোমবাৰে স্পষ্ট কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে৷ এক কথাত কবলৈ গলে সাংবাদিকক এতিয়াৰ পৰা ব্লেকলিষ্টেড হ’ব৷
সৎ তথা নিৰ্ভিক সাংবাদিকৰ কলমেৰে ওলোৱা বাতৰিত প্ৰতিফলিত হয় চৰকাৰ আৰু সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ। সমাজত চলি থকা অন্ধ বিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কলম চলে এনে সাংবাদিকৰ। তেওঁলোকে আঙুলীয়াই দিয়ে চৰকাৰৰ ত্ৰুটিপূৰ্ণ নীতি আৰু প্ৰশাসনত চলি থকা দুৰ্নীতিৰ কাহিনী।