ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সতৰ্কতা আয়োগে বহুবাৰ নিৰ্দশে পিছতো পাঞ্জাৱ নেচনেল বেংক আৰু অন্য দুটা বেংকে নিজৰ ৯জন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ তৰাৰ অনুমতি দিয়া নাই। আয়োগৰ হাতত থকা তথ্য অনুসৰি এই কথা পোহৰলৈ আহিছে। নিয়মমতে, চিবিচিৰ এটি অনুৰোধত এই সম্বন্ধিত সংগঠন বা বিভাগে চাৰি মাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লব লাগে।
আয়োগৰ পৰা পোৱা তথ্য অনুসৰি, ২৩টা বিষয়ত সৰ্ব্বমুঠ ৩৯জন বিষয়াৰ ওপৰত গোচৰ চলি আছে। এই গোচৰ সমূহত বেংকসমূহৰ জ্যেষ্ঠ বিষয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াও জৰিত হৈ আছে। এই গোচৰ সমূহ চলোৱাৰ অনুমতিৰ অনুৰোধ সন্বলিত নথি-পত্ৰ কাৰ্যলয়তে পৰি থকা বুলি জানিব পৰা গৈছে।