নতুন দিল্লীঃ কেন্দ্ৰত দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছতে ব্যক্তিগতকৰণক অধিক প্ৰাধান্য দিবলৈ উঠি-পৰি লাগিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন। এই অনুযায়ী এইবাৰৰ বাজেট ভাষণত দেশৰ বৃহত্তম বীমা সংস্থা ভাৰতীয় জীৱন বীমা নিগম (LICI)ৰ নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উক্ত প্ৰস্তাৱত IPO-ৰ মাধ্যমেৰে চৰকাৰে LICIত থকা নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ কথা কোৱা হৈছে।
ইয়াৰ লগতে IDBI বেংকত থকা অংশীদাৰিত্বও বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। বৰ্তমান IDBI বেংকত থকা কেন্দ্ৰৰ অংশীদাৰিত্ব হৈছে ৪৭.১১ শতাংশ। আনহাতে বেংকটোত সৰ্বাধিক ৫১ শতাংশ শ্বেয়াৰ আছে LICIৰ।
২০১৯-২০ বিত্তীয় বৰ্ষত ব্যক্তিগতকৰণৰ জৰিয়তে ১.০৫ লাখ কোটি টকা আয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল মোদী চৰকাৰে। ২০২০-২১ বিত্তীয় বৰ্ষত চৰকাৰী সম্পত্তি বিক্ৰীৰ জৰিয়তে সেই আয় দুগুণ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে কেন্দ্ৰ। অৱশ্যে এতিয়ালৈ ব্যক্তিগতকৰণৰ জৰিয়তে চৰকাৰে মাত্ৰ ১৮.০৯৪ কোটি টকাহে লাভ কৰিবলৈ সমৰ্থ হৈছে।
উল্লেখ্য যে ইতিমধ্যে ৰেল বিভাগ আৰু BSNLক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মোদী চৰকাৰে। BSNLক ব্যক্তিগতকৰণৰ প্ৰথমটো পদক্ষেপ হিচাপে এই সপ্তাহত প্ৰতিষ্ঠানটোৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’বলৈ বাধ্য কৰা হৈছে অতি কমেও ৮০ হাজাৰ কৰ্মচাৰীক।
আনহাতে ৰেল বিভাগক ব্যক্তিগতকৰণ কৰিবলৈ পৰ্যায়ক্ৰমে আগবাঢ়িছে চৰকাৰ। কেবাখনো ৰেলৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ লগতে কেবাটাও ষ্টেশ্যনো ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিছে ৰেল বিভাগে। তাৎপৰ্যপূৰ্ণভাৱে মোদী চৰকাৰে প্ৰথমটো কাৰ্যকালতে ৰেল বিভাগক ব্যক্তিগতকৰণ কৰাৰ লক্ষ্যৰে সুকীয়া ৰেল বাজেট উত্থাপনৰ পৰম্পৰা ভংগ কৰি সেয়া মূল বাজেটৰ সৈতে চামিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এনেদৰে পৰিকল্পতিভাৱে প্ৰায় প্ৰতিটো চৰকাৰী উদ্যোগ তথা প্ৰতিষ্ঠানক এঢাপ এঢাপকৈ ব্যক্তিগতকৰণৰ দিশে লৈ যোৱা মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। আজি বাজেট উত্থাপনৰ সময়ত এনে নীতিৰ মুকলিকৈ বিৰোধিতা কৰে তৃণমূল কংগ্ৰেছকে আদি কৰি কেবাটাও দলে।
এক টুইটত তৃণমূল কংগ্ৰেছৰ সৰ্বেসৰ্বা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰ চৰকাৰৰ এনে জনতাবিৰোধী নীতিক। 'প্ৰাচীন আৰু গৌৰৱৰ চৰকাৰী সংস্থাসমূহক নষ্ট কৰাৰ সিদ্ধান্তক লৈ আমি হতবাক আৰু স্তম্ভিত। এই সিদ্ধান্তৰ জৰিয়তে সৰ্বসাধাৰণৰ নিৰাপত্তা নাইকিয়া কৰি পেলোৱা হৈছে। এনেকৈয়ে চৰকাৰে দেশখনক এক নিৰাপত্তাহীন যুগলৈ লৈ গৈছে।’-মমতা বেনাৰ্জীৰ টুইট।