52
ডিজিটেল ডেস্কঃ ফেচবুক, টুইটাৰত কমেন্ট কৰাৰ আগতে সাৱধান হওঁক আপুনি৷ নহ’লে আগপিছ নাচাই ছ’চিয়েল মিডিয়াত কমেন্ট কৰিলে চৰকাৰৰ ৰোষত পৰিব পাৰে ব্যৱহাৰকাৰী৷
কিয়নো ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ শেহতীয়াকৈ নতুন কাৰ্যপন্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ মূলতঃ দেশ বিৰোধী কাৰ্য্যৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে৷