54
কামপুৰঃ এইবাৰ সুৰাপান কৰি চৰকাৰী চিকিৎসালয় চিকিৎসা প্ৰদান কৰি ৰাইজৰ ৰোষত পৰিল এজন লেবৰটৰী কৰ্মচাৰী। কামপুৰ এফ আৰ ইউত দীৰ্ঘ দিনৰ পৰা অচ্যুত বৰা নামৰ এজন লেবৰটৰী কৰ্মচাৰীয়ে দিন দুপৰতে সুৰাপান কৰি চিকিৎসালয়ত ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছিল।
শুক্ৰবাৰে পুনৰ সুৰাপান কৰি কৰ্মচাৰীজনে চিকিৎসালয়ত ৰোগীৰ পৰা তেজ সংগ্ৰহ কৰিব বিচাৰোতেই কামপুৰ ছাত্ৰ ঐক্য সেনাই হাতেলুটে ধৰি চিকিৎসালয় খনত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।