Home ৰাজ্যঅসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাই ঋণ প্ৰ্দানৰ নামত নিবনুৱা যুৱকক হাৰাশস্তি

অসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাই ঋণ প্ৰ্দানৰ নামত নিবনুৱা যুৱকক হাৰাশস্তি

by News Desk
78 views
A+A-
Reset

newsnextoneমৰিগাওঁ,১১ অক্টোবৰঃ  অসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাই ঋণ প্ৰ্দানৰ নামত বহু কেইজন নিবনুৱা যুৱকক হাৰাশস্তি কৰি অহা ঘটনাত ব্যাপক প্ৰ্তিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে মৰিগাওঁ জিলাৰ বহুকেইজন শিক্ষিত নিৱনুৱা যুৱকে আত্মস্ংস্থাপনৰ উপায় বিচাৰি চৰকাৰী আচনি কে.ভি.আই.ভি.ৰ অধীনত প্ৰ্শিক্ষণ গ্ৰ্হণ কৰি প্ৰায় এবছৰৰ পূৰ্বে অসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাত আৱেদন কৰিছিল। আবেদন কৰা প্ৰায় পাচঁ মাহ পাছত বেংক কতৃপক্ষই উক্ত আচনিৰ ৰাজসাহাৰ্যৰ ধন মুকলি কৰি দিয়ে যদিও ঋণৰ বাকী অংশ আজিকোপতি প্ৰ্দান নকৰিলে।
একাংশ ভূক্তভোগী যুৱকে জনোৱা মতে বিগত সময়ত প্ৰায় প্ৰ্ত্যেক দিনেই এই যুৱক সকলে ঋণৰ খবৰ লবলৈ বেংকলৈ যায় যদিও বেংক কতৃপক্ষই নিতৌ ন ন চৰ্ত আৰোপ কৰে বুলি জনা গৈছে।উল্লেখযোগ্য যে আজি বেংক কতৃপক্ষই একাংশ আবেদনকাৰীৰ ঋণৰ ধন প্ৰ্দান কৰিব বুলি মাতি আনি এক বুজন পৰিমাণৰ ধন বেংকত জমা কৰিবলৈ কৈ পৰৱৰ্তী সময়ত বেংক কতৃপক্ষঅই এই যুৱক সকলক কোনোপধ্যেই ঋণ প্ৰ্দান কৰিব নোৱাৰে বুলি জনায়।
বেংক কতৃপক্ষই এনেদৰে ঋণ দিম বুলি মাতি আনি এনে আচৰন কৰাৰ পিছত উক্ত থলুৱা নিৱনুৱা যুৱক সকলে অপমানবোধ কৰিছে।বেংকে যদি ঋণ দিব নোৱাৰে তেন্তে কি কাৰণত ঋণ দিম বুলি মিছা কথা কৈ বেংক কতৃপক্ষই যুৱক কেইজনক মাতি নিছিল বুলি স্বাভাৱিকতে প্ৰ্শ্ন উত্থাপন হৈছে।
মৰিগাওঁ জিলা কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাই মৰিগাওঁ জিলা উন্নয়ন আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰ্দান কৰে।
মৃদু কাশ্যপ, মৰিগাঁও

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0