পূৱ বৰপেটাঃ চেঙাত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ ২৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বৰপেটাৰ চেঙাৰ ভণ্ডাবাবা সেৱাশ্ৰমত এখন সভা অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ বৰপেটা জিলাৰ সমন্বয়ক নিপেন ভূঞাই আঁত ধৰা সভাখনত পৰিৱেশ সংৰক্ষণ আৰু ৰাইজৰ কৰ্তব্যৰ সম্পৰ্কে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে সুমধুৰ ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক অনুপ্ৰাণিত কৰে।
জিলা সমন্বয়কগৰাকীয়ে উক্ত অনুস্থানত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ উদ্দেশ্য সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়য়। মহিলাসকলৰ মাজত বৃক্ষ ৰোপণেৰে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াসৰে ৫০০ৰো অধিক গছপুলি বিতৰণ কৰে।