newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা দুটা আট্টালিতা হঠাত খহি পৰাত এক শোকাবহ পৰিবেশৰ সৃষ্টি হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ শ্বাহবেৰী এলেকাত৷ মঙলবাৰে নিশা নিৰ্মাণ হৈ থকা এটা আট্টালিকাৰ ওপৰত এটা পুৰণি আট্টালিকাৰ খহি পৰাত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ নিশাৰে পৰা ততাতৈয়াকৈ আৰক্ষী আৰু এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

বৰ্তমানেও প্ৰায় ১৪-১৫গৰাকী লোক ভিতৰত আবদ্ধ হৈ আছে৷ কিছু দিন পূৰ্বে উক্ত আট্টালিকাটোত ঘৰ লৈছিল এটা পৰিয়ালে৷ ১৭ জুলাইৰ নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত এই কাণ্ড সংঘটিত হয়৷ উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে৷ ভিতৰত আবদ্ধ লোকৰ জীয়াই থকা আশা কম বুলি কয় এনডিআৰএফৰ বিষয়াই৷

জানিব পৰা মতে, এটা ৫ মহলীয়া আট্টালিকা নিৰ্মীয়মান ৬ মহলীয়া আট্টালিকাৰ ওপৰত খহি পৰাত চাৰিজনকৈ লোকে লগে লগে প্ৰাণ হেৰুৱাই৷ এতিয়ালৈ ১৪-১৫ গৰাকী লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে৷  

এই ঘটনা সংঘটিত হোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰশ্ন৷ ভূমাফিয়া আৰু অবৈধ নিৰ্মাণৰ ফলতে এই কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ গৃহ নিৰ্মাণৰ বাবে ঋণ দিয়া বেংক কৰ্তৃপক্ষ, আৰক্ষী, নিৰ্মাণৰ অনুমতি দিয়া কৰ্তৃপক্ষ আৰু উত্তৰ প্ৰদেশৰ পাৱাৰ কৰ্পোৰেচনৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰা বিভিন্ন বিভাগক অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰে৷  

২ জুলাইত নয়ডাত নিৰ্মাণ হৈ থকা আট্টালিকাটো অবৈধ ভাৱে নিৰ্মাণ কৰি থকা বুলি উত্তৰ প্ৰদেশ আৰক্ষী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক টুইট কৰি তদন্ত কৰাৰ দাবী উত্থাপন কৰিছিল৷ এগৰাকী সমাজকৰ্মীয়ে টুইট কৰি অভিযোগ উত্থাপন কৰি স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বহু টকাৰ বিনিময়ত নিৰ্মাণৰ কামত বাধা আৰোপ কৰা নাছিল বুলি কয়৷ স্থানীয় ৰাইজে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু এডিজিক গৰীৱ জনসাধাৰণক ভূমাফিয়াৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল৷   

@smajsevak নামৰ একাউণ্টৰ পৰা টুইট কৰা লোকজনে এই ঘটনাৰ তদন্ত কৰাৰ লগতে তদন্ত আওতাত উত্তৰ প্ৰদেশ আৰু নয়ডা আৰক্ষীক লবলৈ দাবী জনায়৷ পূৰ্বে একেজনে লোকে প্ৰশাসনক অবৈধ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনাইছিল যদিও টুইটৰ উত্তৰ দি দায়িত্ব সামাৰি কোনো তদন্ত নকৰাকৈ থাকে৷ পঞ্জীয়ন কাৰ্যালয়ত টকাৰ বিনিময়ত ঘৰৰ নক্সা নেদেখাকৈয়ে ঘৰ বনোৱাৰ বাবে অনুমতি দিছিল৷ বিল্ডাৰে আট্টালিকা নিৰ্মাণ কৰাৰ পূৰ্বে পথৰ উন্নয়ন, নলা নিৰ্মাণ, বিভিন্ন সুবিধা দিয়াৰ কথা প্ৰকাশ কৰিছিল যদিও পূৰণ নকৰিলে৷

গ্ৰেটাৰ নয়ডাৰ যিটো এলেকাত আট্টালিকা নিৰ্মাণ হৈ আছে সেই এলেকাত ২০১১ চনতে ভূমি অধিগ্ৰহণ দিয়াটো বন্ধ কৰিছিল৷ উচ্চতম ন্যায়ালয়ে কোনোধৰণৰ নিৰ্মাণ কৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিছিল৷ ইয়াৰ পিছতোঁ অবৈধ ভাৱে নিৰ্মাণ হৈ আছিল এটাৰ এটাৰ পিছত এটা আট্টালিকা৷ 

ইতিমধ্যে ঘটনাৰ তিনিগৰাকী লোকক আটক কৰা হৈছে৷ আট্টালিকাৰ গৰাকী গংগা শৰণ ত্ৰিবেদী, দালাল দীনেশ আৰু সঞ্জয়ক গ্ৰেপ্তাৰ কৰা হৈছে৷ এওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷ আন আন অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷