newsnextone.com | চৰাইদেউঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত উজনি অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে চৰাইদেউৰ কলাকাতাস্থিত গ্রীণ লাইফ নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে মঙলবাৰে কেইবাটাও লেতেৰা পানীৰ বটল উদ্ধাৰ হয় চৰাইদেউ জিলাত। 

 জানিব পৰা মতে, গ্ৰীণ লাইফে চৰাইদেউৰ বৰবৰুৱাখাট উপ-স্বাস্থ্য কেন্দ্রত যোগান ধৰিছিল পানীৰ বটল। উপ-স্বাস্থ্য কেন্দ্রৰ লোকসকলে বিশুদ্ধ খোৱা পানীৰ বটলত  কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰে। তাৰ পিছতে এগৰাকী চিকিৎসকে ভালকৈ চাই সেয়া শেলুৱৈ বুলি নিশ্চিত কৰে। 

চৰাইদেউত ঘাটি পাতি ব্যৱসায় কৰি থকা গ্রীণ লাইফ নামৰ প্রতিষ্ঠানটোৱে খোৱা পানীৰ নামত বজাৰত বৰবিহ বিক্ৰী কৰা বুলি অভিযোগ দীৰ্ঘদিনৰ। চৰাইদেউ জিলাৰ গ্রীণ লাইফ নামৰ প্রতিষ্ঠানটোৱে বিশুদ্ধ খোৱা পানীৰ বটলত উদ্ধাৰ হৈছে শেলুৱৈ উদ্ধাৰ হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পূৰ্বেও পানী বিক্ৰেতা প্রতিষ্ঠানটোৰ পানীৰ বটলত জাৱৰ-শেলুৱৈ উদ্ধাৰ হৈছিল বুলি জানিব পৰা যায়। ইমানৰ পাছতোঁ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাত পুনৰ গ্রীণ লাইফৰ পানীৰ বটলত শেলুৱৈ উদ্ধাৰ হয়। বৰবৰুৱাখাট উপ-স্বাস্থ্য কেন্দ্রত ৬টা বটলত শেলুৱৈ প্রত্যক্ষ কৰা পাছতে চিকিৎসাগৰাকীয়ে চৰাইদেউ জিলা প্রশাসনক অৱগত কৰি বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনায়।

ৰাইজক বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় কৰা অহা পানী ব্যৱসায়ী প্রতিষ্ঠানটোৰ বিৰূদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনাই আটছাৰ চৰাইদেউ জিলা সমিতিয়ে প্রশাসনক স্মাৰক পত্র প্রদান কৰে ।