newsnextone.com | চৰাইদেউঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত উজনি অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে চৰাইদেউৰ কলাকাতাস্থিত গ্রীণ লাইফ নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে মঙলবাৰে কেইবাটাও লেতেৰা পানীৰ বটল উদ্ধাৰ হয় চৰাইদেউ জিলাত।
জানিব পৰা মতে, গ্ৰীণ লাইফে চৰাইদেউৰ বৰবৰুৱাখাট উপ-স্বাস্থ্য কেন্দ্রত যোগান ধৰিছিল পানীৰ বটল। উপ-স্বাস্থ্য কেন্দ্রৰ লোকসকলে বিশুদ্ধ খোৱা পানীৰ বটলত কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰে। তাৰ পিছতে এগৰাকী চিকিৎসকে ভালকৈ চাই সেয়া শেলুৱৈ বুলি নিশ্চিত কৰে।