ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষ আৰু গ্ৰীটিংচ কাৰ্ড যেন দুয়োৰে যেন আছিল এক এৰাব নোৱাৰা সম্পৰ্ক৷ তাহানিতে নৱেম্বৰ মাহৰ পৰা দোকানত লাইন লাইন কৈ গ্ৰীটিংচ কাৰ্ড সমূহ ওলোমাই ৰখা হৈছিল৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ডেকা-গাভৰুৱে জাক পাতি আপোনজনক দিবলৈ ভালৰ ভাল লগা গ্ৰীটিংচ কাৰ্ড খন বিছাৰি চলাধ কৰিছিল৷ গাভৰুসকলে লুকুৱাই লৈ গৈছিল আপোন জনৰ বাবে কিনা গ্ৰীটিংচ কাৰ্ড খন৷ ঘৰলৈ গৈ পৰিয়ালৰ লোকৰ ভয়ত লুকুৱাই থৱ লগা হয়৷
নৱবৰ্ষৰ এদিন পূৰ্বে আপোনজনক যেনেকৈয়ে নহওঁক গ্ৰীটিংচ কাৰ্ড খন দিবলৈ এটুকুৰা ঠাইত লগ কৰিবৰ বাবে যাব লগা হৈছিল৷ নতুবা সযতনে ৰখা গ্ৰীটিংচ কাৰ্ড খন আনৰ হাতত হলেও দি পঠিয়াব লগা হৈছিল৷ গ্ৰীটিংচ খন কিনাৰ পিছত তাত কি লিখিব তাক লৈয়ো গভীৰ উৎকন্ঠা হৈছিল ডেকা-গাভৰুৱে৷ গ্ৰীটিংচ কাৰ্ড খন মানে অনাবিল আনন্দ৷