নতুন দিল্লীঃ উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাত সঁচাকৈয়ে আছেনে বৃহৎ স্বৰ্ণ ভাণ্ডাৰ? উত্তৰ প্ৰদেশৰ খনিজ বিভাগৰ উদ্ধৃতিৰে উক্ত অঞ্চলটোত কেবাহাজাৰ টন সোণৰ সম্ভেদ পোৱা গৈছে বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশৰ অধিকাংশ লোকৰ মাজত দেখা গৈছিল একপ্ৰকাৰৰ উছাহৰ ঢৌ। পিছে জিঅ’লিজেকল ছাৰ্ভে অব ইণ্ডিয়া (জিএছআই)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ পিছতে চেঁছাপানী পৰে সেই উছাহৰ ঢৌত।
শনিবাৰে ভাৰত চৰকাৰৰ অন্তৰ্গত সংস্থা জিএছআই-এ প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে বাতৰিত প্ৰকাশ পোৱাৰ ধৰণে সংস্থাটোৱে সোণভদ্ৰাত কোনোধৰণৰ সোণৰ ভাণ্ডাৰৰ সম্ভেদ পোৱা নাই। ‘সোণভদ্ৰাত আমি সোণৰ সন্ধানত কেবাবাৰো খনন চলাইছিলো। কিন্তু ইয়াৰ ফলাফল মুঠেই উৎসাহজনক নাছিল।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে জিএছআই-এ।