ডিজিটেল ডেস্কঃ শুকুৰবাৰে নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিএছটি পৰিষদৰ ২৭ সংখ্যক বৈঠক অনুষ্ঠিত হৈ যায়৷ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে৷ জিএছটিএন নেটৱৰ্কৰ বিৰুদ্ধে বহু লোকৰ অভিযোগ থকাৰ তথা স্বীকাৰ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে৷ জিএছটিএন নেটৱৰ্কৰ বাবে কৰ ৰিটাৰ্ণ প্ৰক্ৰিয়া থিক মতে কৰিব পৰা নাই আৰু ব্যৱসায়ী ইয়াৰ দ্বাৰা সমস্যাত পৰা বুলি কয় বিত্ত মন্ত্ৰীয়ে৷ 

তাৰ লগে লগে জিএছটিএন নেটৱৰ্ক চৰকাৰী কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ কথা উল্লেখ কৰে৷ জিএছটিএনক চৰকাৰে ৫১ শতাংশ অধিগ্ৰহণ কৰি জিএছটিক সুস্থ ভাবে চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ বৰ্তমান জিএছটিএন নেটৱৰ্ক বৰ্তমান ২৪.৫% চৰকাৰৰ হাতত আছিল৷ কিন্তু চৰকাৰে ৫১ শতাংশলৈ বৃদ্ধি কৰি নিজৰ হাতলৈ আনে৷ দেশৰ দুটা বেংক এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বত চলি আহিছে জিএছটিএন নেটৱাৰ্ক৷ জিএছটিৰ সম্পূৰ্ণ নেটৱাৰ্ক চাই এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বৰ জিএছটিএন নেটৱাৰ্কে৷ 

তাল লগে লগে ডিজিটেল লেনদেনৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে ডিজেটেল লেনদেন কৰা সকলক ৰেহাই দিয়াৰ চিন্তা চৰ্চা কৰে পৰিষদে৷ বিগত নৱেম্বৰ মাহত অনুষ্ঠিত পৰিষদৰ বৈঠকত এই প্ৰস্তাৱ উপস্থাপন হৈছিল৷ কিন্তু শুকুৰবাৰৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰি এটি ৫ জনীয়া সমিতি গঠন কৰে পৰিষদে৷ ৫ জনীয়া সমিতিয়ে দিয়া ৰিপৰ্টৰ ভিত্তিতে ডিজিটেল লেনদেনত ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰিষদে৷ জিএছটি আৰম্ভ হোৱাৰ পৰাই ৰিটাৰ্ণ কৰিবলৈ গলে বিশেষ সমস্যাত পৰে কৰদাতা৷ 

যাৰ বাবে পৰিষদে কৰ ৰিটাৰ্ণ ব্যৱস্থা শিথিল কৰাৰ বাবে চিন্তা চৰ্চা কৰে৷ অহা ৬ মাৰ্চৰ পৰা একক কৰ আদায়ৰ ব্যৱস্থা কৰিব পৰিষদে৷ চেনীৰ মূল্য বৃদ্ধি কৰাৰ সন্দৰ্ভতো এটি সমিতি গঠন কৰা হয়৷ ইয়াৰ লগতে এপ্ৰিল মাহত জিএছটি ১ লাখ কোটি আদায় কৰাত পৰিষদে সন্তোষ প্ৰকাশ কৰা বুলি কয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে৷ এপ্ৰিল মাহত ১.০৩ লাখ কোটি কৰ আদায় হোৱাৰ লগতে ২০১৭ চন আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ ৮৯,৮৮৫ কোটি টকাৰ কৰ লাভ কৰা বুলি কয়৷