49
গুৱাহাটীঃ বহু আকাংক্ষাৰ GST সন্দৰ্ভত ইতিমধ্যে বিজেপি চৰকাৰে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে বহু চৰ্চিত GST পৰিষদৰ বৈঠক বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে৷
ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছে এই বৈঠক৷ GST পৰিষদৰ বৈঠকে উত্তৰ পূৰ্বাঞ্চলত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি কব খোজে বিজেপি চৰকাৰে৷ দেশৰ কেইবাখনো ৰাজ্যৰ বহু বিষয়া তথা ৰাজ্য চৰকাৰৰ বহু বিষয়াৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে৷