newsnextone.com | নগাঁওঃ অভিভাৱকে দান-বৰঙণি দি নিৰ্মাণ কৰিব এখন স্কুলৰ শ্ৰেণীকোঠা৷ প্ৰতিগৰাকী অভিভাৱক আৰু সচেতন লোকে দিয়া আৰ্থিক সহায়েৰে শ্ৰেণীকোঠা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ সমীপৰ বড়িগাঁও বেলতলৰ ৪৯নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অভিভাৱকসকলৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া শ্ৰেণীকোঠাৰ কামৰ বুধবাৰে আৰম্ভ কৰা হয়৷
শ্ৰেণী কোঠা নিমাৰ্ণৰ কাম আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ বিধায়িকাগৰাকীয়ে সভাত ভাষণ প্ৰদান কৰি ভাল মানুহ হ’বলৈ সাধনাৰ প্ৰয়োজন বুলি কয়৷ সাধনা অবিহনে নিজক কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰ ৷ নিয়মিত বিদ্যালয়লৈ আহি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা সকলো জ্ঞান ভাল দৰে আয়ত্ব কৰি দেশৰ সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আপ্ৰাণ চেষ্টা কৰিব লাগে বুলি কয়৷