newsnextone.com | ডিজিটেল ডেস্কঃ গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে পুনৰ এবাৰ লাভ কৰিছে হত্যাৰ ভাবুকি৷ জিগনেশ মেৱানীয়ে এই বিষয়ে এটা টুইট কৰে৷ তেওঁ টুইটত কয় যে পূৰ্বে তেওঁক হত্যাৰ ভাবুকি দিয়া নম্বৰটোৰ পৰাই পুনৰ এবাৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰা হয়৷
বুধবাৰে দুপৰীয়াৰ ভাগতো মেৱানীৰ ঘনিষ্ঠ কৌশিক পৰমাৰ নামৰ এগৰাকী বন্ধুক কোনো অচিনাক্ত লোকে ফোন কৰি জিগনেশক হত্যা কৰাৰ ভাবুকি দিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে বনাচকান্ঠা জিলাৰ বডগামা আৰক্ষী থানাত এক অভিযোগ দাখিল কৰা হয়৷