গান্ধীনগৰঃ বৰ্তমান বতৰৰ কোনো স্থিৰতা নাই৷ এই আহে, এই যায়৷ থিক তেনেদৰে গুজৰাটত হ’বলগীয়া প্ৰবল ঘূৰ্ণী বতাহে নিজৰ দিশ সলনি কৰি পোৰবন্দৰ আৰু দ্বাৰকা দিশে গতি কৰিব বুলি বতৰ বিজ্ঞানী মনোৰমা মহন্তই জানিবলৈ দিয়ে৷ 

যদিও গুজাৰাটৰ উপকূলীয়া তথা পাৰ্শ্বৱৰ্তী এলেকাসমূহত প্ৰচণ্ড ধুমুহা, বৰষুণ দিয়াৰ সম্ভাৱনা আছে৷ যাৰ বাবে গুজৰাট প্রশাসনে এই সমস্যাৰ লগত যুঁজ দিবলৈ সাজু হৈছে৷ 

গুজৰাটৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং চূড়াচমাই এই বিষয়ৰ সন্দৰ্ভত কয় যে হাইএলাৰ্ট জাৰি কৰাৰ পিছতো সোমনাথ মন্দিৰ খোলা থাকিব৷ ভক্তগণক বাধা আৰোপ কৰিলেও প্ৰকৃতিক নোৱাৰি৷ যাৰ বাবে পৰিস্থিতিৰ গভীৰতা দেখি মন্ত্ৰীয়ে ধৰ্মলোকসকলক আহিবলৈ আহ্বান জনাইছে৷

লগতে সংকট সম্ভাৱনীয় অঞ্চলসমূহত হাই এলাৰ্ট জাৰি কৰা হয়৷ লগতে পশ্চিম ৰে’লৱেৰ গান্ধীধাম, পোৰবন্দৰ, বেৰাবল ঠাইসমূহত জনসাধাৰণৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হয়৷ 

উপকূলীয়া অঞ্চলৰ বিদ্যালয়, অনুষ্ঠানসমূহ বন্ধ থকাৰ লগতে এনডিআৰএফ, সামৰিক বাহিনী, নৌসেনা, বিএচএফ দলক সমস্যাৰ বাবে প্ৰস্তুত হ’বলৈ আদেশ দিয়া হৈছে৷ 

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত টুইটত আহিবলগীয়া সংকটজনক সমস্যাৰ বাবে প্ৰাৰ্থনা জনাই জনসাধাৰণক নিয়মাৱলী আৰু সতৰ্ক হ’বলৈ অনুৰোধ কৰে৷