62
গান্ধীনগৰঃ বৰ্তমান বতৰৰ কোনো স্থিৰতা নাই৷ এই আহে, এই যায়৷ থিক তেনেদৰে গুজৰাটত হ’বলগীয়া প্ৰবল ঘূৰ্ণী বতাহে নিজৰ দিশ সলনি কৰি পোৰবন্দৰ আৰু দ্বাৰকা দিশে গতি কৰিব বুলি বতৰ বিজ্ঞানী মনোৰমা মহন্তই জানিবলৈ দিয়ে৷
যদিও গুজাৰাটৰ উপকূলীয়া তথা পাৰ্শ্বৱৰ্তী এলেকাসমূহত প্ৰচণ্ড ধুমুহা, বৰষুণ দিয়াৰ সম্ভাৱনা আছে৷ যাৰ বাবে গুজৰাট প্রশাসনে এই সমস্যাৰ লগত যুঁজ দিবলৈ সাজু হৈছে৷