ডিজিটেল ডেস্কঃ ভ্ৰুণ পৰীক্ষাৰ দ্বাৰা লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰোৱাৰ বিষয়টো সম্প্ৰতি এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ দেশৰ ২১ খন ৰাজ্যৰ ভিতৰত ১৭ খন ৰাজ্যতে নিম্নগামী হৈ আহিছে লিংগৰ হাৰ৷ ৰাজ্যকেইখনৰ ভিতৰত গুজৰাটতেই লিংগ বৈষম্যই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত ৮৫৪ গৰাকী হৈছে।
এক প্ৰতিবেদন অনুসৰি ভ্ৰুণ পৰীক্ষাৰ জৰিয়তে লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰোৱাৰ পৰিপ্ৰেক্ষিতত ১০ শতাংশতকৈ অধিক হাৰত লিংগৰ অনুপাত নিম্নগামী হোৱা ৰাজ্য সমূহৰ ভিতৰত প্ৰথমত আছে গুজৰাট৷ য’ত পূৰ্বৰ ১০০০ জন পুৰুষৰ বিপৰীতে ৯০৭ গৰাকী মহিলাৰ অনুপাত নিম্নগামী হৈ বৰ্তমান ১০০০ জনৰ বিপৰীতে ৮৫৪ গৰাকী হৈছেগৈ৷