গান্ধীনগৰঃ মোদীৰ গৃহৰাজ্য গুজৰাটত যদি গোমাংসৰ ব্যৱসায় কৰি পেট পুহিব খোজাসকলৰ বাবে দুখবৰ।তেঁওলোকে আন জীৱিকাৰ সন্ধান কৰাই ভাল। কিয়নো গোমাংসৰ ব্যৱসায়ীসকলৰ ওপৰত অধিক কঠোৰ হৈ পৰিছে গুজৰাট চৰকাৰ৷ আজি ৰাজ্যখনৰ বিধানসভাত গো হত্যাৰ সংশোধিত বিধেয়কখন গৃহীত হয়৷ এই বিধেয়ক অনুসৰি এতিয়াৰ পৰা গোহত্যা কৰাজনৰ আজীৱন কাৰাদণ্ড হ’ব পাৰে৷
আজীৱন কাৰাদণ্ডৰ লগত ১ লাখ টকা জৰিমনাও দিব লাগিব দোষীয়ে৷ তদুপৰি গোমাংস লোৱাজনৰ ৭ ৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ কথাও উল্লেখ আছে এই সংশোধিত বিলখনত৷ গুজৰাটত পূৰ্বতেও গোহত্যা সম্পৰ্কীয় আইন কাৰ্যকৰী হৈ আছিল৷