ৰঙিয়াঃ কেতিয়াবা অসম বন্ধ, জিলা বন্ধ, চ’ক বন্ধ, উজনি বন্ধ, নামনি বন্ধ, চহৰ বন্ধ, নগৰ বন্ধ৷ বন্ধৰ কিমান যে নাম৷ ফুট পাথৰ পাচলি বেপাৰী, ঠেলাৱালা, ৰিক্সাৱালা এটোচালক, দিন মজদুৰ, শ্ৰমিকক সুধিবচোন এদিন অসম বন্ধ হ’লে তেওঁলোকৰ ঘৰত চৌকা জ্বলেনে?
দিনটো হাজিৰা কৰি হাতত পোৱা টকা কেইটাৰে সন্ধিয়া হেপাহেৰে বজাৰ-সমাৰ কৰি পৰিয়ালটোৰ ভাত মুঠি ঘৰলৈ নিয়ে তেওঁলোকে৷ মাত্ৰ এদিন শ্ৰম নকৰিলে চৌকা নজ্বলে তেওঁলোকৰ৷ কপালৰ ঘাম মাটিত পেলাই পৰিয়াল চলোৱা এইসকল লোকে নিজ পৰিয়ালটোৰ ভাত সাজৰ বাবে নিতৌ হাজিৰা কৰে৷ কেনেবাকৈ দিনটো কাম কৰি পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰে এইসকল লোকে৷