newsnextone.com ||ডিজিটেল ডেস্কঃ আজি পুৱা হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় গুণ মহন্তৰ।কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ।আজি পুৱা হঠাত অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে নগাঁৱৰ জি ডি হাস্পতাললৈ লৈ অহা হৈছিল যদিও, চিকিৎসালয় পোৱাৰ আগতেই বিশিষ্ট অভিনেতাজনৰ মৃত্যু ঘটে।
অসমৰ সাংস্কৃতিক জগতৰ সকলোৰে এক সু-পৰিচিত নাম গুণ মহন্ত।নিখুত অভিনয়ৰে আৰু মুখৰ মিঠা হাঁহিৰে যিকোনো মানুহক আপোন কৰিব পৰা সৰল মনৰ মানুহজন হেৰাই গল।তেখেতৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি।প্ৰায় ৫০খনৰো অধিক অসমীয়া ছবিত অভিনয় কৰিছিল গুণ মহন্তই।নগাঁৱৰ সংস্কৃতি-সাহিত্য ক্ষেত্ৰতখনৰ জড়িত অছিল তেওঁ।এসময়ত ভি চি ডি ছবিৰো এখন চিনাকী এইগৰাকী অভিনেতা।