নগাঁওঃ অসম চৰকাৰ আৰু সৰ্বশিক্ষা অভিযান মিছনৰ যৌথ উদ্যোগত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ শিশু শিক্ষাৰ মানদণ্ড, বিদ্যালয়ৰ আন্তঃগাঁথনি, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ মূল্যায়ণৰ বাবে যোৱা ১০ অক্টোবৰৰ পৰা ৰাজ্যৰ ১২ খন জিলাৰ দৰে নগাঁও জিলাতো অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷
ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাটোয়েই এই গুণোৎসৱৰ মূল উদ্দেশ্য৷ চাৰিদিনীয়াকৈ আয়োজিত এই গুণোৎসৱৰ নিৰ্দ্ধাৰিত নিয়ম অনুসৰি প্ৰথম দিনা প্ৰতিখন বিদ্যালয়ে স্ব-মূল্যায়ণ সম্পন্ন কৰাৰ পিছত ১৩ অক্টোবৰ পৰ্যক্ত চৰকাৰীভাৱে নিয়োজিত বিশেষ একোজন বিষয়াই বিদ্যালয়বোৰ পৰিদৰ্শন কৰিব৷ এই মৰ্মে নগাঁৱৰ প্ৰতিখন বিদ্যালয়তে গুণোৎসৱক কেন্দ্ৰ কৰি একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷