মুৰফুলনিঃ ৰাজ্যৰ ১৩খন জিলাত ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শনিবাৰে সামৰণি পৰে। গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তোলা হৈছিল। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি।
ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাৰ বিদ্যালয় সমূহতো অন্তিম দিনটোত ব্যাপক ব্যস্ততাৰে পাৰ কৰা পৰিলক্ষিত হয়৷ গোলাঘাট জিলাৰ মুৰফুলনী অঞ্চলৰ বিদ্যালয় সমূহো ব্যতিক্ৰম দেখা নগ’ল। মুৰফুলনি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অন্তিম দিনটোত ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক পুৱাৰে ব্যস্ত হৈ পৰা দেখা গ’ল৷