নগাঁওঃ দ্বিতীয় পৰ্যায়ত যোৱা ১০ অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ ৰাজ্যৰ মুঠ ১২ খন জিলাৰ দৰে নগাঁও জিলাটো অনুষ্ঠিত কৰা হয় গুণোৎসৱ৷ নিম্ন প্ৰাথমিকৰ পৰা মাধ্যমিক শ্ৰেণীলৈকে সামৰি বিদ্যালয়সমূহৰ গুণগত মান নিৰূপনৰ হেতু আয়োজিত এই গুণোৎসটি জিলাখনৰ সৰ্বমুঠ ২৩১৮ খন শিক্ষানুষ্ঠানত সুচাৰুৰূপে অনুষ্ঠিত কৰা হয়৷ উল্লেখ্য, জিলাখনত থকা প্ৰাথমিক শিক্ষাখণ্ডকেইটা হৈছে বটদ্ৰৱা, জুৰীয়া, কলিয়াবৰ, খাগৰিজান, কপিলী, লাওখোৱা, ৰূপহী, কঠিয়াতলি আৰু নগাঁও আৰবান৷
জিলাখনত ১৭২০ খন প্ৰাথমিক বিদ্যালয়,২৭৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়,৬৭ খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সংলগ্ন বিদ্যালয়ৰ লগতে ৩২৪ খন নতুনকৈ প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয় আছে৷ ইয়াৰে ২৩১৮ খন বিদ্যালয়ত ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজিত গুণোৎসৱৰ আজি সফলতাৰে সামৰণি পৰে৷ বিগত চাৰিদিন ধৰি একপ্ৰকাৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা বিদ্যালয়সমূহে গুণোৎসৱৰ মূল্যায়ণত উন্নত ফলাফলৰ আশাৰে যৎপৰোনাস্তি সকলো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰে৷